Nations Bible

Zacarias 13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · Toque num versículo para ver as referências cruzadas.

1“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব। 2বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।

3তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব।

4তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব। 5কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ। 6কিন্তু কোনোৱে তেওঁক ক’ব, ‘তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ?’ তেতিয়া তেওঁ উত্তৰ দিব, ‘মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ’।”

মেৰ-ছাগ ৰখীয়াক আঘাত কৰা। শেষকালৰ মহাযুজ আৰু ইস্ৰায়েলৰ উদ্ধাৰ। অভিষিক্তজনাৰ ৰাজত্ব।

7“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে,

মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”-

এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা।

“মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা,

তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব!

কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।

8যিহোৱাই কৰা ঘোষণা এই,

গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ’ব!” তেওঁলোক অৱশিষ্ট নাথাকিব;

কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব।

9আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই,

ৰূপ খপাৰ দৰে খপিম

আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম।

তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব,

আৰু মই তেওঁলোকক উত্তৰ দি ক’ম,

‘এয়ে মোৰ প্ৰজা!’

আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”

Ilustração artística — interpretação, não registro histórico.

Você sabia?

A Purificação da Terra e o Refinamento do Remanescente

  • Zacarias prediz uma fonte aberta para purificar a casa de Davi e os habitantes de Jerusalém do pecado e da impureza, juntamente com a remoção completa dos ídolos e dos espíritos enganadores da terra.Fontes: o próprio texto bíblico · David · Jerusalem
  • O texto relata que os falsos profetas ficarão tão envergonhados que abandonarão o manto de pelos característico e afirmarão ser simples lavradores da terra para não serem reconhecidos.Fontes: o próprio texto bíblico
  • O capítulo descreve um pastor sendo ferido pela espada e o rebanho se dispersando, restando uma terça parte do povo que é refinada por provas como a prata e o ouro.Fontes: o próprio texto bíblico

Notas escritas com auxílio de IA a partir de fontes abertas (Theographic Bible Metadata, CC BY-SA 4.0; Easton’s Bible Dictionary, domínio público) e revisadas antes de publicar.

Lugares deste capítulo

  • Jerusalem · 31.777, 35.234 · versículo 1

Só aparecem lugares com identificação de alta confiança (90% ou mais segundo as fontes acadêmicas reunidas pelo OpenBible). Mapa da época: DARE (Digital Atlas of the Roman Empire), CC BY 4.0; mapa atual: © colaboradores do OpenStreetMap; lugares: OpenBible.info (CC BY 4.0).

Créditos e licença desta tradução
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
The Indian Revised Version Holy Bible in the Assamese Language of India
copyright © 2017, 2018 Bridge Connectivity Solutions
Language: অসমীয়া (Assamese)
Dialect: Standard
Translation by: Bridge Connectivity Solutions
Contributor: Bridge Connectivity Solutions Pvt. Ltd.
This translation is made available to you under the terms of the
Creative Commons Attribution Share-Alike license 4.0.
You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:
You include the above copyright and source information.
If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.
If you redistribute this text, you must distribute your contributions under the same license as the original.
Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents.
For other uses, please contact the respective copyright owners.
Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.
2025-04-26

Fonte: http://ebible.org/asmfb/ · eBible.org

Fale com a gente

Conte de onde você lê, como a Bíblia tem te ajudado ou o que podemos melhorar. Lemos todas as mensagens.