Provérbios 27
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · Toque num versículo para ver as referências cruzadas.
1কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা;
কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা।
2আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক;
অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
3গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা;
কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ।
4ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে;
কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে?
5লুকুৱাই ৰখা প্ৰেমতকৈ,
প্ৰকাশিত অনুযোগ ভাল।
6বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়;
কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে।
7তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে;
কিন্তু ক্ষুধাতুৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা।
8নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে,
নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে।
9সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে,
কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।
10তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা,
আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা।
দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
11হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা।
তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম।
12দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়;
কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
13যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা;
আৰু অচিনাকী লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা।
14যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে,
সেই আশীৰ্ব্বাদ শাও ৰূপেহে গণ্য হয়।
15এজনী দ্বন্দুৰী ভাৰ্যা
বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়।
16তেওঁক দমন কৰা মানে বতাহক দমন কৰা,
আৰু তোমাৰ সোঁ হাতত তেল ধৰাৰ দৰে হয়।
17যেনেকৈ লোহাই লোহাক চোকা কৰে,
তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে।
18যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়;
আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।
19পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়,
তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱাই।
20চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়,
তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়।
21ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল;
আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়।
22যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা,
তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব।
23তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা,
আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা,
24কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়।
আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
25ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে,
আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে।
26মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব,
আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব।
27তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে
আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।

Você sabia?
Amizade, Prudência e Diligência Diária
- Provérbios 27 dá grande ênfase aos relacionamentos autênticos, contrastando os beijos enganosos de um inimigo com as feridas leais feitas por um amigo. O texto descreve a interação interpessoal construtiva com a célebre metáfora do ferro afiando o ferro, além de recomendar a ajuda de um vizinho próximo em vez de um parente distante em momentos de crise.Fontes: o próprio texto bíblico
- O capítulo utiliza ilustrações práticas tiradas de ofícios e da vida doméstica da antiguidade, como o refino de prata e ouro no cadinho e no forno, a moagem de grãos com almofariz e pilão, e a observação do próprio reflexo na água.Fontes: o próprio texto bíblico
- A seção final descreve a realidade sazonal de uma economia agropastoril. O texto incentiva a supervisão cuidadosa dos rebanhos e manadas, lembrando que riquezas e coroas reais não duram para sempre, enquanto o cuidado diligente da terra e dos animais garante vestimentas, leite de cabra e alimento para a casa.Fontes: o próprio texto bíblico
Notas escritas com auxílio de IA a partir de fontes abertas (Theographic Bible Metadata, CC BY-SA 4.0; Easton’s Bible Dictionary, domínio público) e revisadas antes de publicar.
Créditos e licença desta tradução
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 The Indian Revised Version Holy Bible in the Assamese Language of India copyright © 2017, 2018 Bridge Connectivity Solutions Language: অসমীয়া (Assamese) Dialect: Standard Translation by: Bridge Connectivity Solutions Contributor: Bridge Connectivity Solutions Pvt. Ltd. This translation is made available to you under the terms of the Creative Commons Attribution Share-Alike license 4.0. You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that: You include the above copyright and source information. If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes. If you redistribute this text, you must distribute your contributions under the same license as the original. Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents. For other uses, please contact the respective copyright owners. Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19. 2025-04-26
Fonte: http://ebible.org/asmfb/ · eBible.org