Nations Bible

Provérbios 15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · Toque num versículo para ver as referências cruzadas.

1মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে;

কিন্তু কঠোৰ কথাই খং তোলে।

2জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে;

কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।

3যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে,

ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।

4সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ;

কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।

5অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে;

কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।

6যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়;

কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।

7জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়,

কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।

8দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে;

কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।

9দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে;

কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।

10যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে;

আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।

11চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই;

তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে।

12নিন্দক লোকে অনুযোগত বিৰক্তি পায়;

তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।

13আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে;

কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।

14সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে;

কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।

15নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক;

কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।

16বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ

যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।

17হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ

প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।

18ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে;

কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।

19এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ;

কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।

20জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে;

কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।

21জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে;

কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।

22পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়;

কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।

23মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়,

আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।

24দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়;

যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে।

25যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে,

কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।

26যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে;

কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।

27ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে;

কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।

28সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে;

কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।

29যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে;

কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।

30চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে;

আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।

31যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া,

তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।

32যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে;

কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।

33যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে,

আৰু নম্ৰতা সন্মানৰ আগত আহে।

Você sabia?

Palavras, Sabedoria e Paz Interior

  • Provérbios 15 dá grande ênfase ao poder das palavras faladas, contrastando respostas brandas e pacificadoras que acalmam conflitos com palavras duras e perversas que provocam ira e abatem o espírito.Fontes: o próprio texto bíblico
  • O capítulo destaca que a paz familiar e a integridade valem mais do que a riqueza material, afirmando que uma refeição simples de verduras onde há amor é melhor do que um boi gordo acompanhado de ódio.Fontes: o próprio texto bíblico
  • O autor menciona o Seol e o Abadom, as profundezas do reino dos mortos, para demonstrar que nada está oculto aos olhos de Deus, que conhece plenamente o coração humano.Fontes: o próprio texto bíblico

Notas escritas com auxílio de IA a partir de fontes abertas (Theographic Bible Metadata, CC BY-SA 4.0; Easton’s Bible Dictionary, domínio público) e revisadas antes de publicar.

Créditos e licença desta tradução
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
The Indian Revised Version Holy Bible in the Assamese Language of India
copyright © 2017, 2018 Bridge Connectivity Solutions
Language: অসমীয়া (Assamese)
Dialect: Standard
Translation by: Bridge Connectivity Solutions
Contributor: Bridge Connectivity Solutions Pvt. Ltd.
This translation is made available to you under the terms of the
Creative Commons Attribution Share-Alike license 4.0.
You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:
You include the above copyright and source information.
If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.
If you redistribute this text, you must distribute your contributions under the same license as the original.
Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents.
For other uses, please contact the respective copyright owners.
Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.
2025-04-26

Fonte: http://ebible.org/asmfb/ · eBible.org

Fale com a gente

Conte de onde você lê, como a Bíblia tem te ajudado ou o que podemos melhorar. Lemos todas as mensagens.