Nations Bible

Josué 15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · Toque num versículo para ver as referências cruzadas.

1দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল। 2তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।

3অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷ 4পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷

5যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷ 6এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷

7পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল। 8তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷

9পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷ 10পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷

11আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল। 12পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।

13পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷ 14কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে। 15পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷

16সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷” 17তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।

18সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”

19তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।

20এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।

21ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ, 22কীনা, দীমোনা, অদাদা, 23কেদচ, হাচোৰ, যিৎনন, 24জীফলম, টেলন, বালোৎ৷

25হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ, 26অমাম, চমা, মোলাদা, 27হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট, 28হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷

29বালা, ইয়ীম, এচম, 30ইল্টুলদ, কচীল, হৰ্মা, 31চিক্লগ, মদ্‌মন্না, চন্‌চন্না, 32লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷

33পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না, 34জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম, 35যৰ্মূত, অদুল্লম, চোকো, অজেকা, 36চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷

37চনান, হদাচা, মিগ্দল-গাদ, 38দিলিয়ন, মিস্পি, যক্তেল, 39লাখীচ, বস্কৎ, ইগ্লোন৷

40কব্বোন, লহমম, কিৎলীচ, 41গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷

42লিব্‌না, এথৰ, আচন, 43যিপ্তহ, অস্না, নচীব, 44কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।

45ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ; 46ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।

47অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷

48পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো, 49দন্না, কিৰিয়ৎ-চন্না, 50অনাব, ইষ্টিমোৱা, আনীম, 51গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷

52অৰাব, দুমা, ইচিয়ন, 53যানীম, বৈৎ-তপ্পূহ, অফেকা, 54হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷

55মায়োন, কৰ্মিল, জীফ, যুত্তা, 56যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ, 57কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷

58হল্‌হূল, বৈৎ-চুৰ, গদোৰ, 59মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷

60কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷

61মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা, 62নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷

63কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।

Ilustração artística — interpretação, não registro histórico.

Você sabia?

A herança de Judá e a posse de Calebe

  • De acordo com a ordem do Senhor dada a Josué, Calebe recebeu Quiriate-Arba (Hebrom), cujo nome homenageava Arba, antepassado de Anaque. A partir dali, Calebe expulsou os três descendentes de Anaque: Sesai, Aimã e Talmai.Fontes: o próprio texto bíblico · Caleb · Anak
  • Ao conquistar Quiriate-Sefer (Debir), Otniel recebeu Acsa, filha de Calebe, por esposa. Ciente da aridez de suas terras no Neguebe, Acsa pediu fontes de água a seu pai e foi presenteada com as fontes superiores e inferiores.Fontes: o próprio texto bíblico · Achsah · Caleb
  • A porção concedida à tribo de Judá abrangia desde o mar Salgado até a costa do mar Mediterrâneo, descendo até Edom e o ribeiro do Egito. Apesar do grande número de cidades e aldeias recebidas, os descendentes de Judá não conseguiram expulsar os jebuseus que habitavam em Jerusalém.Fontes: o próprio texto bíblico · Jerusalem · Edom · Salt Sea

Notas escritas com auxílio de IA a partir de fontes abertas (Theographic Bible Metadata, CC BY-SA 4.0; Easton’s Bible Dictionary, domínio público) e revisadas antes de publicar.

Lugares deste capítulo

  • Edom · 30.746, 35.604 · versículos 1, 21
  • Negeb · 31.245, 34.841 · versículos 1, 19, 21
  • Zin · Hoje: Zin Desert · 30.971, 35.325 · versículo 1
  • Salt Sea · Hoje: Dead Sea · 31.500, 35.500 · versículos 2, 5
  • Great Sea · Hoje: Mediterranean Sea · 31.805, 34.170 · versículos 4, 11, 12, 47
  • Jordan · Hoje: Jordan River · 31.761, 35.558 · versículo 5
  • Adummim · 31.817, 35.362 · versículo 7
  • Jerusalem · 31.777, 35.234 · versículos 8, 63
  • Valley of Hinnom · Hoje: Hinnom Valley · 31.769, 35.228 · versículo 8
  • Valley of Rephaim · 31.763, 35.219 · versículo 8
  • Baalah · Hoje: Deir el Azar · 31.809, 35.104 · versículos 9, 10
  • Kiriath-jearim · Hoje: Deir el Azar · 31.809, 35.104 · versículos 9, 60
  • Mount Jearim · Hoje: within 1 km of Kesla · 31.781, 35.051 · versículo 10
  • Ekron · Hoje: Tel Miqne · 31.777, 34.852 · versículos 11, 45, 46
  • Hebron · Hoje: Tel Rumeida · 31.525, 35.102 · versículos 13, 14, 54
  • Gulloth-mayim · Hoje: within 5 km of Khirbet Rabud · 31.432, 35.015 · versículo 19
  • Lower Gulloth · Hoje: within 5 km of Khirbet Rabud · 31.432, 35.015 · versículo 19
  • Upper Gulloth · Hoje: within 5 km of Khirbet Rabud · 31.432, 35.015 · versículo 19
  • Shephelah · 31.692, 34.875 · versículo 33
  • Jarmuth · Hoje: Tel Yarmuth · 31.708, 34.975 · versículo 35
  • Socoh · Hoje: Tel Socho · 31.682, 34.975 · versículo 35
  • Lachish · Hoje: Tell ed Duweir · 31.565, 34.849 · versículo 39
  • Mareshah · Hoje: Tel Maresha · 31.593, 34.898 · versículo 44
  • Ashdod · Hoje: Tel Ashdod · 31.757, 34.658 · versículos 46, 47
  • Gaza · Hoje: Tell Harube · 31.504, 34.464 · versículo 47
  • Jattir · Hoje: Khirbet Attir · 31.352, 35.016 · versículo 48
  • Maon · Hoje: Tel Main · 31.409, 35.134 · versículo 55
  • Engedi · Hoje: Ein Gedi · 31.450, 35.383 · versículo 62

Só aparecem lugares com identificação de alta confiança (90% ou mais segundo as fontes acadêmicas reunidas pelo OpenBible). Mapa da época: DARE (Digital Atlas of the Roman Empire), CC BY 4.0; mapa atual: © colaboradores do OpenStreetMap; lugares: OpenBible.info (CC BY 4.0).

Créditos e licença desta tradução
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
The Indian Revised Version Holy Bible in the Assamese Language of India
copyright © 2017, 2018 Bridge Connectivity Solutions
Language: অসমীয়া (Assamese)
Dialect: Standard
Translation by: Bridge Connectivity Solutions
Contributor: Bridge Connectivity Solutions Pvt. Ltd.
This translation is made available to you under the terms of the
Creative Commons Attribution Share-Alike license 4.0.
You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:
You include the above copyright and source information.
If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.
If you redistribute this text, you must distribute your contributions under the same license as the original.
Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents.
For other uses, please contact the respective copyright owners.
Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.
2025-04-26

Fonte: http://ebible.org/asmfb/ · eBible.org

Fale com a gente

Conte de onde você lê, como a Bíblia tem te ajudado ou o que podemos melhorar. Lemos todas as mensagens.