Nations Bible

Mateo 4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · Toca un versículo para ver sus referencias cruzadas.

যীচুৰ পৰীক্ষা

1তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল। 2তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল। 3তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।” 4তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”

5তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;

6আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে,

তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু

তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়,

এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”

7যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”

8তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে। 9চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।” 10তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।” 11তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।

প্রভু যীচুৱে প্ৰকাশকৈ কাৰ্য আৰম্ভ কৰা

12যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল। 13তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।

14যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:

15“জবূলূন দেশ আৰু নপ্তালী দেশ,

সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত

অনা-ইহুদী সকলৰ গালীল!

16যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল

তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে।

যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল

তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”

যীচুৰ শিষ্য নির্বাচন

17সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”

18পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল। 19যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।” 20তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল।

21তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে। 22তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।

গালীলত যীচুৰ পৰিচর্যা

23যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে। 24সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে। 25তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।

Ilustración artística: una interpretación, no un registro histórico.

¿Sabías que…?

Del desierto a las orillas de Galilea

  • Al tentador en este capítulo se le llama tanto diablo como Satanás, nombre que significa "adversario" o "acusador". Un diccionario bíblico señala que en el Nuevo Testamento Satanás se usa de manera intercambiable con el diablo, y que tentó a Jesús en el desierto. Después de ayunar cuarenta días y cuarenta noches, Jesús rechazó las exigencias de convertir las piedras en pan, de arrojarse desde el pináculo del templo y de adorar a Satanás a cambio de los reinos del mundo, respondiendo con la Escritura hasta que el diablo se fue y los ángeles lo atendieron.Fuentes: el propio texto bíblico · Satan
  • Cuando Jesús oyó que Juan había sido encarcelado, se retiró a Galilea, dejó Nazaret y se estableció en Capernaúm, junto al mar, en la región de Zabulón y Neftalí, traslado que Mateo vincula con palabras dichas por medio del profeta Isaías. Una nota geográfica explica que Galilea permaneció mucho tiempo ocupada por sus antiguos habitantes y por eso llegó a llamarse "Galilea de los gentios". Capernaúm no se menciona en el Antiguo Testamento; una entrada sobre el lugar dice que, después de que Jesús fue expulsado de Nazaret, se convirtió en su propia ciudad.Fuentes: el propio texto bíblico · Galilee · Capernaum
  • Mientras caminaba junto al mar de Galilea —un lago que el Evangelio de Juan también llama mar de Tiberíades, de unas doce millas y media de largo—, Jesús llamó a dos pares de hermanos que trabajaban como pescadores. Simón, llamado Pedro, y Andrés estaban echando una red; un diccionario bíblico señala que Andrés, de Betsaida, había sido primero discípulo de Juan el Bautista, y que los dos hermanos no se convirtieron en acompañantes habituales de Jesús sino hasta después del encarcelamiento de Juan. Más adelante, Santiago y Juan, hijos de Zebedeo, estaban en una barca con su padre remendando las redes; Jesús los llamó, y ambos pares dejaron su trabajo y lo siguieron.Fuentes: el propio texto bíblico · Andrew · James (Son of Zebedee) · Sea of Galilee

Notas escritas con ayuda de IA a partir de fuentes abiertas (Theographic Bible Metadata, CC BY-SA 4.0; Easton’s Bible Dictionary, dominio público) y revisadas antes de publicarse.

Lugares de este capítulo

  • Jerusalem · 31.777, 35.234 · versículos 5, 25
  • Galilee · 32.760, 35.527 · versículos 12, 13, 15, 23, 25
  • Judea · Hoy: Judea 1 · 31.777, 35.234 · versículos 12, 25
  • Nazareth · 32.702, 35.298 · versículo 13
  • Jordan · Hoy: Jordan River · 31.761, 35.558 · versículos 15, 25
  • Sea of Galilee · 32.819, 35.590 · versículo 18
  • Syria · Hoy: Syria 2 · 33.511, 36.306 · versículo 24
  • Decapolis · 32.717, 35.800 · versículo 25

Solo aparecen lugares identificados con alta confianza (90 % o más según las fuentes académicas reunidas por OpenBible). Mapa de la época: DARE (Digital Atlas of the Roman Empire), CC BY 4.0; mapa actual: © colaboradores de OpenStreetMap; lugares: OpenBible.info (CC BY 4.0).

Créditos y licencia de esta traducción
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
The Indian Revised Version Holy Bible in the Assamese Language of India
copyright © 2017, 2018 Bridge Connectivity Solutions
Language: অসমীয়া (Assamese)
Dialect: Standard
Translation by: Bridge Connectivity Solutions
Contributor: Bridge Connectivity Solutions Pvt. Ltd.
This translation is made available to you under the terms of the
Creative Commons Attribution Share-Alike license 4.0.
You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:
You include the above copyright and source information.
If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.
If you redistribute this text, you must distribute your contributions under the same license as the original.
Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents.
For other uses, please contact the respective copyright owners.
Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.
2025-04-26

Fuente: http://ebible.org/asmfb/ · eBible.org

Habla con nosotros

Cuéntanos desde dónde lees, cómo te ha ayudado la Biblia o qué podemos mejorar. Leemos todos los mensajes.