Nations Bible

Proverbs 28

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · Tap a verse to see its cross-references.

1কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়;

কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়।

2দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্তা হয়;

কিন্তু জ্ঞানী আৰু বিবেচনা কৰা লোকৰ দ্বাৰাই শাসন চিৰস্থায়ী হয়।

3যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে,

তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে।

4যিজনে বিধান ত্যাগ কৰে, তেওঁ দুষ্টলোকক প্ৰশংসা কৰে,

কিন্তু যিজনে বিধান পালন কৰে, তেওঁ তেওঁলোকৰ বিৰুদ্ধে যুঁজ কৰে।

5দুষ্ট লোকে ন্যায়বিচাৰ নুবুজে;

কিন্তু যিজনে যিহোৱাক বিচাৰে, সেই জনে সকলো বুজি পায়।

6কুটিল পথত চলা ধনী মানুহতকৈ,

ন্যায়পৰায়ণতাত চলা দৰিদ্ৰ লোকেই শ্ৰেষ্ঠ।

7যি জনে বিধান পালন কৰে, তেওঁ সুবিবেচনা থকা সন্তানৰ দৰে;

কিন্তু যি জনৰ ভোজনবিলাসী সঙ্গী থাকে, তেওঁ নিজৰ পিতৃক লাজ দিয়ে।

8যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে,

সেই জনে দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে সেই ধন সাঁচে।

9কোনোৱে যদি বিধানৰ কথা শুনাৰ পৰা আঁতৰি থাকে,

তেনেহ’লে তেওঁৰ প্ৰাৰ্থনাও ঘৃণিত হয়।

10যি কোনোৱে ন্যায়পৰায়ণ লোকক কুপথত চলিবলৈ বিভ্রান্ত কৰে,

তেনেহলে তেওঁ নিজে খন্দা গাতত নিজে পৰে;

কিন্তু নিৰ্দোষী লোকে ভাল উত্তৰাধিকাৰ লাভ কৰে।

11ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে;

কিন্তু বিবেচনা শক্তি থকা দৰিদ্ৰ লোকে তেওঁক বিচাৰি উলিয়াব।

12ন্যায় কাৰ্য কৰা লোক যেতিয়া জয়ী হয়, তেতিয়া তাত মহাগৌৰৱ হয়,

কিন্তু যেতিয়া দুষ্ট লোকে উন্নতি কৰে, তেতিয়া লোকসকলে নিজকে লুকুৱাই থাকে।

13যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব;

কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।

14যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, সেই জন সুখী হয়;

কিন্তু যিকোনোৱে নিজৰ হৃদয় কঠিন কৰে, সেই জন সমস্যাত পৰে।

15গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে,

দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে।

16বিবেচনা শক্তি নথকা শাসনকৰৰ্ত্তা অত্যাচাৰী হয়;

কিন্তু যিজনে অসাধুতাক ঘিণ কৰে, তেওঁ দীৰ্ঘজীৱি হয়।

17যদি কোনো মানুহ আনৰ ৰক্তপাতত দোষীসাব্যস্ত হয়,

তেওঁ মৃত্যুলৈকে পলাই ফুৰে;

আৰু কোনেও তেওঁক সহায় নকৰে।

18যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পায়,

কিন্তু যিজনে কুটিল পথত চলে; তেওঁ হঠাৎ পতিত হয়।

19যি কোনোৱে নিজৰ মাটিত কাম কৰে, তেওঁ জোৰাওকৈ আহাৰ পায়,

কিন্তু যিজন নিষ্কৰ্মা লোকৰ অনুগামী হয়, সেই জনৰ প্রচুৰ পৰিমাণে অভাৱ হয়।

20বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়;

কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে।

21পক্ষপাত কৰা ভাল নহয়;

কিন্তু এডোখৰ ৰুটিৰ বাবেও মানুহে ভুল কৰে।

22কৃপণ লোকে ধনী হ’বলৈ অগ্রসৰ হয়;

কিন্তু দৰিদ্ৰতা যে তেওঁৰ ওচৰলৈ আহি আছে, সেই বিষয়ে তেওঁ নাজানে।

23কথাৰে খুচামোদ কৰা লোকতকৈ,

কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়।

24যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,”

তেওঁ বিনাশকাৰীৰ সঙ্গী হয়।

25লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে;

কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।

26যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়।

27যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়;

কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।

28দুষ্টলোকৰ উন্নতি হলে, মানুহে নিজকে লুকাই ৰাখে;

কিন্তু দুষ্টলোক নষ্ট হলে, ন্যায় কাৰ্য কৰা লোকৰ বৃদ্ধি হয়।

Artistic illustration — an interpretation, not a historical record.

Did you know?

Justice, Leadership, and Integrity

  • Proverbs 28 connects good governance with societal stability, noting that political rebellion multiplies rulers while a person of understanding maintains order. It compares an oppressive, unprincipled ruler over helpless subjects to predatory beasts like a roaring lion or a charging bear.Sources: the Bible text itself
  • The chapter highlights the vital link between obedience to the law and spiritual life, warning that turning away from the law makes even one's prayers detestable. In contrast, those who keep the law actively resist wrongdoing and preserve moral discernment.Sources: the Bible text itself
  • Several proverbs address economic justice, stating that wealth amassed through exorbitant interest or usury will ultimately pass to someone who shows kindness to the poor. Diligent labor on the land is praised over the pursuit of get-rich-quick fantasies.Sources: the Bible text itself

Notes written with AI assistance from open sources (Theographic Bible Metadata, CC BY-SA 4.0; Easton’s Bible Dictionary, public domain) and reviewed before publishing.

Credits and license for this translation
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
The Indian Revised Version Holy Bible in the Assamese Language of India
copyright © 2017, 2018 Bridge Connectivity Solutions
Language: অসমীয়া (Assamese)
Dialect: Standard
Translation by: Bridge Connectivity Solutions
Contributor: Bridge Connectivity Solutions Pvt. Ltd.
This translation is made available to you under the terms of the
Creative Commons Attribution Share-Alike license 4.0.
You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that:
You include the above copyright and source information.
If you make any changes to the text, you must indicate that you did so in a way that makes it clear that the original licensor is not necessarily endorsing your changes.
If you redistribute this text, you must distribute your contributions under the same license as the original.
Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents.
For other uses, please contact the respective copyright owners.
Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to be true to God's Word. See Revelation 22:18-19.
2025-04-26

Source: http://ebible.org/asmfb/ · eBible.org

Talk to us

Tell us where you read from, how the Bible has helped you, or what we could improve. We read every message.